Show/Hide Keyboard Layout

হেʼ দোলা হেʼ

- ভূপেন হাজৰিকা

হেʼ দোলা হেʼ দোলাহেʼ দোলা হেʼ দোলা

একা-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ

বৰ বৰ মানুহৰ দোলা ।

 

হেʼ দোলা..................

 

আপোন কৰিলোঁ বনুৱাৰ জীৱনক

দেহা ভাগৰাই তোলা, হেʼ তোলা

হেইয়া না, হেইয়া না, হেইয়া না, হেইয়া ।

 

দোলাৰ ভিতৰত তিৰ্‌বিৰ্‌ কৰিছে

চহকী পাটৰে পাগ

ঘনে ঘনে দেখিছোঁ লৰচৰ কৰিছে

শুকুলা চোঁৱৰৰ আগ ।

মোৰহে লʼৰাটিক এইবাৰ বিহুতে

নিদিলোঁ সূতাৰে চোলা

চকুলো ওলালেও মনটি নেভাঙো

কঢ়িয়াই লৈ যাওঁ দোলা ।

 

যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি

কান্ধ ভাঙো ভাঙো কৰে, হেʼ কৰে

বৰ বৰ মানুহে দোলাত টোপনিয়ায়

আমাৰহে ঘামবোৰ সৰে অʼ সৰে ।

ওখকৈ পাহাৰৰ টিঙটিত উঠিছোঁ

ভালকৈ খোজটি মিলা

আমাৰ কান্ধৰপৰা পিছলিব লাগিলে

বাগৰি পৰিব দোলা ।

অʼ ৰজা মহাৰজাৰ দোলা

বৰ বৰ মানুহৰ দোলা ।

Hits: 2271